Whatsapp video||বৰমা কলেজৰ প্ৰথমজাক বৰষুনত তুমি
HT ASSAMESE POEM | STORY | SONG LYRICS
Assamese poem,Assamese story,Song lyrics
Saturday, 13 January 2018
Saturday, 30 December 2017
Friday, 1 December 2017
Sunday, 19 November 2017
অসমীয়া কবিতা- কবিতাবোৰ এনেকৈয়ে ওলাই আহে
![]() |
H.T POEM and STORY |
মোৰ মৃত্যুৰ দিনা
তুমি উচুপি নাকান্দিবা ||
.
নাহিবা তুমি দৌৰি
নিজকে আপোন পাহৰা কৰি
মোৰ অগ্নিদগ্ধ চিতাৰ কাষলৈ বুলি ||
.
নাকান্দিবা উচুপি তুমি
তোমাৰ শিৰৰ
সেন্দুৰ মচি গল বুলি ||
.
উচুপি কান্দি
তোমাৰ চকুলো মাজেৰে
মোক উলিয়াই নিদিবা
তোমাৰ হৃদয়ৰ পৰা ||
.
মোৰ সমস্ত ভালপোৱা
তোমাৰ হৃদয়তে থৈ আহিম
তুমি মাথো উচুপি নাকন্দিবা ||
.
তোমাৰ হৃদয়তে
গেলি পচি বিলীন হব বিচাৰো
চিৰদিনৰ বাবে ||
.
তুমি মাথো উচুপি নাকান্দিবা
ল'ৰালিতেই ভাল আছিল
দুখ সুখ কি বুজা নাছিলো
বুজা নাছিলো জীৱন কি
আইৰ কোলাত সুখ আছিল
এতিয়া মাথো যান্তনা
কক বকাই থকা হুমুনিয়াহ
জীৱনৰ আহুকলিয়া সময়বোৰ
নিৰৱে পাৰ কৰো
তেতিয়াই বোবা হৈ পৰো
উত্তৰ বিচাৰি নাপালো
তোমাৰ নিৰবতাত
শুদ্ধ উত্তৰবোৰ সময়ৰ গতিত
ধোৱাচাঙৰ এলান্ধু
হয়তো হেৰুৱা ঠিকনাৰ
হেৰুৱা ভালপোৱাবোৰ
এসময়ত হৈ পৰিব
মাথো নিসংগতাৰ হুমুনিয়াহ .
----------------------x--------------------------
কেইটামান সৰু কবিতা
(ক)
মাজ নিশা এনেকৈয়ে নামে
বিষাদৰ চকুলোৰে !!
কলমৰ নীলা চিয়াহীৰে
ডায়েৰীৰ উকা পৃষ্ঠা বোৰ
ভৰাই তোলে !!
(খ)
জোনাকে আজিও ভৰাই আনে
স্মৃতিৰ টোপোলাৰে !!
নৈ পাৰ কৰিবলৈ
মোক নাৱৰীয়া কৰি
জগাই তোলে !!
(গ)
সপোনবোৰ এনেকৈয়ে ভাগে
পুৱতি নিশাৰ
চৰাইৰ কিৰকিৰ মাতে !!
(ঘ)
কবিতাবোৰ এনেকৈয়ে ওলাই আহে
তুমি হৃদয়ত
বিষাদৰ জন্ম দিলে !!
Saturday, 18 November 2017
তোমাৰ বাবেই সৃষ্টি হল মোৰ কবিতাবোৰ
![]() |
H.T POEM and STORY |
হেঁপাহৰ হাজাৰতা
কবিতা লিখিছোঁ তোমাৰ নামত সাগৰিকা !
আজিলৈ বহু দিনে হ'ল তোমাৰ মোৰ মাজত বিচ্ছেদ হোৱা ...॥
তুমি আতৰি যোৱাৰে দিন ধৰি
কবিতা মোৰ প্ৰাণ হ'ল .. !
শব্দবোৰ মোৰ আত্মীয় হ'ল ॥
শব্দবোৰে স্মৃতিবোৰ সোঁৱৰাই
মনৰ মাজত , তোমাৰ নামৰ
বিচ্ছেদ আৰু বিষাদৰ কবিতা সৃষ্টি কৰিলে .. ।
আজি কবিতা মোৰ হেঁপাহ হ'ল !
আৰু তোমাৰ নামত হেঁপাহৰ হাজাৰতা কবিতাৰ সৃষ্টি হ'ল ... ॥
................................x....................................
![]() |
H.T POEM and STORY |
কেতিয়াবা তোমালৈ বৰকৈ মনত পৰো জানা
তোমাৰ সৌ সৰু সৰু কথাবোৰত
তোমাৰ অভিমনবোৰ
তুমি ছাগৈ পহৰি গৈছা নহয় নে
এদিন সন্ধিয়া আমি দুয়ো কথা দিছিলো
জোন তাৰক সাখি কৰি
মাথো তুমি মোৰ মই তোমাৰ বুলি
তোমাৰ মনত আছেনে এই কথাবোৰ
কিমানযে নিশা পাৰ কৰিলো আমি দুয়ো
নিজান বাবে অচিন দেশত
তেতিয়াটো তুমি কোৱা নাছিলা
তোমাক ভাল নপাৱ বুলি
তুমিওটো সোমাই পৰিছিলা মোৰ দু বাহু মাজত
কিয়নো তুমি আতৰি গলা কবিতা
মোৰ ধন টকা পইচা নথকাৰ বাবে...
ভালেই কৰিলা তুমি কবিতা
তোমাক দিব পৰাকৈ মোৰ ওচৰত ধন নাই
তোমাক মৰমৰ বাদে একো দিব নোৱাৰিলো হয়
তুমি সুখী হোৱা কবিতা
তুমি যে বুজি পালা মৰমে সকলো নহয়
তোমাক ধন্য মনিচো কবিতা
তুমি সুখী হোৱা..... বিদায় কবিতা ৷
Friday, 17 November 2017
কবিতা তুমি আহিছিলা ন ?
![]() |
H.T POEM an STORY |
তুমি আহিছিলা ন কবিতা
মোৰ ভঙা পঁজালৈ?
হয় তুমি আহিছিলা হাঁতত ৰঙা গোলপ লৈ।
তুমি মৰমেৰে মাতিছিলা শুন চোন।
মই মাথো নিৰৱে চাইছিলো তোমাৰ দুচকুলৈ।
হয় তোমাৰ দুচকুত লাজ আৰু সজস্র সপোনে খেলা কৰিছিল।
তোমাক আকোঁৱালি লৈছিলো
মোৰ দুবাহুৰ মাজত তুমি নিৰৱে কুচিঁ মুচিঁ সোমাই আহিছিলা।
হয় হয় মোৰ মনত পৰিছে
সেই দিনা নিজকে বিছাৰি পাইছিলো তোমাৰ মাজত।
উঠোৱাই লৈ গৈছিলা অন্য এক দেশত
য'ত আমি দুয়োৰ বাহিৰে অন্য কোনো প্রাণী নাছিল।
বিলিন হৈ গৈছিলো তোমাৰ লগত।
কিন্তু তুমি সতাত হেৰাই গলা।
হয় তুমি হেৰাই গলা তোমাক বিছাৰি ফুঁৰিছিলো
কিন্তু নাপালো নাপালো তোমাক
কাৰণ তুমি অহাঁই নাছিলা মোৰ কাষলৈ
এইয়া মাথোন এক সপোন আছিল।
হয় হয় সপোন আছিল।
![]() |
H.T POEM and STORY |
কেতিয়াবা বৰ নিসংগ হৈ পৰো জানা
তুমি বিহীনতাৰ যেতিয়াই অনুভৱ কৰো
তুমি কেনে আছা কবিতা
তুমি কেতিয়াবা অনুভৱ কৰানে মোৰ হীনতাৰ
তোমাৰ ছাগে মোৰ দৰে হোৱা নাই
আশা কৰো কবিতা
তুমি কেতিয়াও মোৰ দৰে নহবা
মই সহ্য কৰিব নোৱাৰিম
তোমাৰ নিসংগতাৰ চকুলো
কিয়নো তোমাক ভাল পাওঁ কবিতা
I Love you really Love you.
Wednesday, 15 November 2017
তুমি বিহিন কবিতা
![]() |
H.T POEM AND STORY |
কবিতা বোৰ বৰ জটিল হৈ পৰিছে জানা
কিযে যন্ত্রনা তুমি বিহিন কবিতা।
কিমান আৰু নতুন নতুন ভাষা ৰছো
তুমি দিয়া বিষাদৰ কবিতাত।
এতিয়া আৱশ্যে এৰিছোঁ জানা
কিছু বিৰহৰ কবিতা লিখিবলৈ।
আৰু পাহৰিব ধৰিছো জানা
তোমাৰ সঁতে পাৰ কৰা নিৱিৰ সময়ৰ কথা।
তুমি হয়টো কেতিয়াবাই পাহৰিলা ছাগে
আমাৰ দুয়োৰ সপোনৰ কথা।
তুমিয়ে ভাল জানা
সহঁজতে পাহৰিব পাৰা কথাবোৰ।
মই কিজানি তোমাৰ দৰে হব পৰা নাছিলো জানা
এই বাবে লিখো কবিতা সুখ, দুখ আৰু যন্ত্রনাৰ।
আৱশ্য সুখৰ কবিতা মোৰ কমেই দেখা যায়
কাৰণ সুখৰ সময়তে তুমি দি গ'লা
এক বিষাদৰ বোজাঁ
যত আজিওঁ সি মোৰ কবিতাৰ এক ৰূপ।
অবশ্য তাত তোমাৰ দোষ নছিল
আছিল মাথো মোৰ এক ভুল ধাৰণা।
ভাবিছিলো তুমি কিজানি মোৰ আন্ধাৰ কোঠালী একাজলী পোহৰেৰে পোহৰাবা।
জনা নাছিলো তুমি যে এক
মৰুময়ৰ মাজত থকা মৰিচিঁকা।
এতিয়া পিছে বুজিলো
তোমাক লৈ যে মোৰ পোহৰ নহয়।
তথাপি আজিওঁ তুমি মোৰ এক কবিতাৰ অংশ
এটিয়া লিখো মই বিষাদ, বিৰহৰ, চকুলোৰ কবিতা।
Tuesday, 14 November 2017
অসমীয়া কবিতা- অনুভূতি
অনুভূতি
![]() |
HT POEM and STORY |
তুমি কি বুজিবা ?
প্ৰেম, হতাশা , ভালপোৱাৰ
কৰুণ কাহিনী ।
তেজৰ বুৰঞ্জী নিলিখো মানে
শান্তি নোপোৱা কিছুমান
নিৰৰ্থক অনুভূতি ।
হেপাহৰ সেউজ বৰণীয়া
পোছাকৰ গভীৰ মহত্ব,
শুকুলা বৰণৰ আশাৰ
এপাচি হাবিয়াস ,
সূৰ্যৰ প্ৰখৰ তাপৰ
ৰঙা বৰণৰ হাঁহি ,
ভালপোৱাৰ এনাজৰী ৰচিব খোজা
সপোনৰ সহাৰি।
মাথো গচকি পেলাইছা
এহালিছা মাটিৰ বোকাতলীৰ দৰে ,
মোৰ হৃদয়ৰ সৰু সৰু
অনুভূতিবোৰ।
বিষাদৰ বেকাঁ চাৱনি মাৰি
সবিশেষ কাঢ়ি নিছা তুমি
নিয়ৰ দৰে ।
মোহাৰি নিছা গোপনে ,
গভীৰ বুকুত সাচি থোৱা
জীপাল আশাবোৰ ।
তুমি কি বুজিবা ?
কি দৰে আছো ৰৈ মই ,
তোমাৰ দুহাতৰ পৰশ পাবলৈ
আশাৰ কাৰেং সাজি ,
এটি ধুলিৱৰি বাটত আগ্ৰহেৰে
আৰু বহু হেপাহেৰে ।।
এটি কবিতা তোমাৰ বাবে
অসমীয়া কবিতা
![]() |
HT POEM and STORY |
এটি কবিতা তোমাৰ বাবে
অথচ দুখৰ নহয় !
বিষাদ যে মোৰ
এতিয়া প্রিয় নহয় ।।
আৱেগিক নহঁও মই
প্রতাৰণাৰ পিছতো,
এতিয়া ভীষণ আত্মঅভিমানী এই হৃদয় !!
দুখ আৰু সুখৰো পার্থক্য নাই
মৰি মৰি জীয়াই থকাৰ কৌশল যে
তুমিয়েই শিকালা ।।
নিতৌ সুখ, নিতৌ দুখ,
হাঁহি আৰু কান্দোন
এয়া যেন মোৰ প্রলাপ !
তথাপিও ভালপাঁও
ভালপোৱাৰ বাবেই ।।
প্রতাৰণাকো সজাঁও কবিতাৰ ভাষাৰে
অথচ দুখেৰে নহয়,
তোমাৰ আৰু মোৰ নামেৰে ।।
সেয়েহে আকৌ প্রেমত পৰিম,
কিন্তু নিশ্চিত নহ'ব !
এতিয়া মই ভীষণ আত্মঅভিমানী
দুখৰ মূল্যাংকণেৰে !!
তোমাৰ দৰে হাজাৰজনেও নোৱাৰে
হৃদয় গ'লাব,
সুখ আৰু দুখ নথকাৰ বাবে ।
সুখী মই বিচৰাৰ বাবেই,
সেয়েহে দুখৰ কবিতা নিলিখো
তোমাৰ নামেৰে ।।
অসমীয়া কবিতা- তুমি যোৱাৰ সময়
তুমি যোৱাৰ সময়
তুমি যোৱাৰ সময়
আবেলি গান এটি ভাহি আহিছিল*
![]() |
HT POEM and STORY |
বতাহতো আবিৰ সানিছে
কৰবাৰ পৰা বৈ আহিছে
এটি মিঠা সুহুৰি
আবেলিৰ নিজানতা ভাঙি....
আজি জানা আকাশ খনেও কৈছে...!
দিছে মোক শৰতৰ বতৰা
কহুৱা ফুলাৰ প্ৰেমৰ বতৰা
জানানে নাও খন যেতিয়া গৈ আছিল
নদীৰ কোলাক সাবতি থকা
সেই ৰঙা ৰান্ধনি বেলিটোৰ ওচৰলৈ
বহুত মনত পৰিছিল জানা তোমালৈ..........(?)
ভাঁহি আহিছিল আজি
অতীত বুলি স্পষ্ট হোৱা মৰমৰ দিনবোৰ
বেলিটোৰ সেই ৰঙা খিনিৰ দৰে..!
সচাঁকে অতীত হৈ ৰ'ল নেকি বাৰু
সেই প্ৰেমৰ সাধু বোৰ
নদীখন আজিও কিন্তু একেদৰেই বৈ আছে
মাথোঁ তুমিহে নাই..
তোমাৰ বাৰু মনত আছেনে ?
এনেকুৱাই এটা শৰতৰ আবেলিত
প্ৰতিশ্ৰুতি আছিল প্ৰেমৰ
বিয়পি পৰিছিল শেৱালিৰ সুৱাস
কিন্তু সন্ধিয়া সুগন্ধি বিলোৱা শেৱালীবোৰ
যেনেকৈ ৰাতিপুৱা তলসৰি পৰি ৰয়
চোৱা আজি মই তাৰেই মাজত
মাথোঁ মোৰ নাই প্ৰয়োজন.....।
মই আজিও মলিন
তোমাৰ চকুত জীৱনৰ গ্লানিত...
প্ৰেমাস্পদৰ উন্মাদনা ভৰা আবেলিটো
মোৰ বাবে আজিও তেনেই
মাথো তুমিহে নাই কাষত....
উজাগৰী নিশা কেতিয়াবা ভাবো
ঋতুৰ লগতে নিজকে সলনি কৰি পেলাও
কিন্তু বৰ কষ্টকৰ জানানে
প্ৰেমৰ শেলেৰে থকাসৰকা কৰা
হৃদয়ৰ ঘা মচি তাত সেন্দুৰ সানিব.....।
আজিও লিখি আছো মই
কিন্তু তুমিহে নাইছোন....
ৰাতি বহুত হল...
তুমি চাগে এতিয়া সুখৰ শেতেলিত
নিদ্ৰা দেৱীৰ কোলাত
আৰু মই আজিও
ইয়াত তুমি এৰি যোৱা ঠাইত তোমাৰ অপেক্ষাত...
এটি জীয়া পুতলা হৈ তোমাৰ...
Subscribe to:
Posts (Atom)
-
অসমীয়া কাহিনী- "মোৰ প্ৰথম প্ৰেম" H.T POEM and STORY 2010 চন । '' HERAMJAR HIGH SCHOOL ''ৰ অষ্টম শ্ৰে...
-
অসমীয়া কবিতা HT POEM and STORY এটি কবিতা তোমাৰ বাবে অথচ দুখৰ নহয় ! বিষাদ যে মোৰ এতিয়া প্রিয় নহয় ।। আৱেগিক নহঁও মই প্র...
-
H.T POEM and STORY মোৰ মৃত্যুৰ দিনা তুমি উচুপি নাকান্দিবা || . নাহিবা তুমি দৌৰি নিজকে আপোন পাহৰা কৰি মোৰ অগ্নিদগ্ধ চিতাৰ কাষলৈ ...