Saturday, 18 November 2017

তোমাৰ বাবেই সৃষ্টি হল মোৰ কবিতাবোৰ

অসমীয়া কবিতা
H.T POEM and STORY


হেঁপাহৰ হাজাৰতা
কবিতা লিখিছোঁ তোমাৰ নামত সাগৰিকা !
আজিলৈ বহু দিনে হ'ল তোমাৰ মোৰ মাজত বিচ্ছেদ হোৱা ...॥
তুমি আতৰি যোৱাৰে দিন ধৰি
কবিতা মোৰ প্ৰাণ হ'ল .. !
শব্দবোৰ মোৰ আত্মীয় হ'ল ॥
শব্দবোৰে স্মৃতিবোৰ সোঁৱৰাই
মনৰ মাজত , তোমাৰ নামৰ
বিচ্ছেদ আৰু বিষাদৰ কবিতা সৃষ্টি কৰিলে .. ।
আজি কবিতা মোৰ হেঁপাহ হ'ল !
আৰু তোমাৰ নামত হেঁপাহৰ হাজাৰতা কবিতাৰ সৃষ্টি হ'ল ... ॥
................................x....................................
Assamese poem
H.T POEM and STORY

কেতিয়াবা তোমালৈ বৰকৈ মনত পৰো জানা
তোমাৰ সৌ সৰু সৰু কথাবোৰত
তোমাৰ অভিমনবোৰ
তুমি ছাগৈ পহৰি গৈছা নহয় নে
এদিন সন্ধিয়া আমি দুয়ো কথা দিছিলো
জোন তাৰক সাখি কৰি
মাথো তুমি মোৰ মই তোমাৰ বুলি
তোমাৰ মনত আছেনে এই কথাবোৰ
কিমানযে নিশা পাৰ কৰিলো আমি দুয়ো
নিজান বাবে অচিন দেশত
তেতিয়াটো তুমি কোৱা নাছিলা
তোমাক ভাল নপাৱ বুলি
তুমিওটো সোমাই পৰিছিলা মোৰ দু বাহু মাজত
কিয়নো তুমি আতৰি গলা কবিতা
মোৰ ধন টকা পইচা নথকাৰ বাবে...
ভালেই কৰিলা তুমি কবিতা
তোমাক দিব পৰাকৈ মোৰ ওচৰত ধন নাই
তোমাক মৰমৰ বাদে একো দিব নোৱাৰিলো হয়
তুমি সুখী হোৱা কবিতা
তুমি যে বুজি পালা মৰমে সকলো নহয়
তোমাক ধন্য মনিচো কবিতা
তুমি সুখী হোৱা..... বিদায় কবিতা ৷

No comments:

Post a Comment

Whatsapp video||Assamese poem||Barama college

Whatsapp video||বৰমা কলেজৰ প্ৰথমজাক বৰষুনত তুমি