অসমীয়া কাহিনী- "মোৰ প্ৰথম প্ৰেম"
![]() |
H.T POEM and STORY |
2010 চন ।
''HERAMJAR HIGH SCHOOL''ৰ অষ্টম শ্ৰেণীৰ কোঠাৰ খিৰিকীৰ কাষৰ প্ৰথম বেঞ্চত বহি শিক্ষক-শিক্ষয়ত্ৰীৰ কথা মনোযোগেৰে শুনি মই মোৰ নিজৰ পঢ়া-শুনাবোৰ আগুৱাই নিছিলোঁ । প্ৰেম-চেম কি আছিল সেই সময়ত একো বুজা নাছিলোঁ । স্কুললৈ মাত্ৰ পঢ়িব যাওঁ, খেলিব যাওঁ, লগৰ কেইটাৰ লগত কথা পাতো ।
(এনেকুৱা বেঙা আছিলো যে পকেটত থকা দেউতাই দিয়া এটকীয়াটোক হেৰাইছে নেকি বাৰে বাৰে খেপিয়াই চাওঁ । কেতিয়াবা এটকীয়াটো হাতত লৈ দোকানলৈ গৈ কি খালে ভাল হ'ব ভাবি বিবুৰ্ধিত পৰিছিলো ।)
এদিন আমাৰ গনিতৰ ছাৰ হৰেন ছাৰে পঢ়াই থাকোতে খিৰিকীখনেৰে বাহিৰলৈ চকু গ'ল.... গ'ল যি গ'লেই, একেবাৰে চকু সপ্তম শ্ৰেণীৰ আগবেঞ্চত বহা ছোৱালীজনীৰ মুখ খনিতহে পৰিলেগৈ । ঘূৰণীয়া মিহিবৰণীয়া মুখেৰে, অলপ চেপেতাকৈ নাকটোৰে মেলি থকা চুলিখিনিৰে সেই সময়ত বৰ ধুনীয়া দেখিছিলো তাইক । কিমান দিন আগৰপৰা সেই বেঞ্চত তাই বহিছিল মই নেজানো ( অৱশ্যে সেই বিষয়ে মোৰ ভ্ৰক্ষেপ নাছিল) । তাই যেন মনোযোগেৰে ছাৰৰ কথা শুনি আছে । এখন শিশুসুলভ মুখ ।
শিক্ষকে ক্লাছত পঢ়াই থকাৰ মাজে মাজে তাইলৈ চাওঁ, কিবা এটা শিহৰণ বৈ যায় দেহৰ পৰা ! সম্ভৱ সেয়াই আছিল প্ৰেম আৰু মই সেই মূহুৰ্তপৰাই তাইৰ প্ৰেমত পৰিলো যেন ভাব হয় । প্ৰতিদিনেই মই খিৰিকীৰ কাষত বহা হ'লো, কোনোবাই আগতিয়াকৈ আহি সেই ঠাইত নবহিবৰ বাবে মই সদায় সোণকালে স্কুল গৈ পাওঁগৈ ।
এদিন মই তেনেকৈ চাই থাকোতেই কি সংযোগত আমাৰ চকুৰে চকুৰে পৰিল জানো ! (সাধাৰণতে থিয়েটা বোৰত শিল্পীসকলে কিবা এটা ভাল ডাইল'গ মাৰিলেই 'বুম' কৰি শব্দ এটা আহে । মোৰো হৃদয়ত সেই চকুৰে চকুৰে পৰা সময়ত 'বুম' নামৰ শব্দ এটা সৃষ্টি হ'ল । লগে লগে তাই দেখা নোপোৱাকৈ বেকা হৈ দিলোঁ ।) তেনেকৈয়ে আমাৰ ঘণ্টাটোত 10-20 বাৰ মান চাৰি চকুৰ মিলন হৈ থাকিল । ফলত বেছিভাগ সময় তাই মোক মই তাইক চাই থকা হ'লো । তাইক দেখাই মোৰ মুখত সুন্দৰ হাঁহি, বন্ধুৰ লগত বুদ্ধিয়কৰ দৰে কথা, শিক্ষকৰ কথা মনোযোগ দিয়াৰ ধৰণৰ কৰি থাকো, মানে নিজকে ষ্মাৰ্ট কৰিব বিচাৰো । তায়ো মোকে দেখুৱাই মেলি অহা চুলিখিনি কাণৰ লৈকে বাৰে বাৰে উঠাই থকা হ'ল । আমাৰ মাজত কোনো চিনাকি বা কথা বতৰা নচলাকৈয়ে বহুদিন তেনেকৈ গুচি গ'ল ।
এদিন তাইৰ লগৰ কেইজনীক তাইৰ কথা সুধিলো,
কি নাম ?
ক'ত ঘৰ ? ....এনেধৰণৰ ।
তাইৰ নাম আছিল 'টিনা' । মই আৰু মোৰ বন্ধু বিকাশ (পাপু)এ প্ৰতিটো ক্লাছৰ মূৰে মূৰে সপ্তম শ্ৰেণীৰ ফালে এপাক ফুৰিব যাওঁ । লাহে লাহে স্কুলৰ চিনাকী অচিনাকী সকলোৱে আমাক জোকাব আৰম্ভ কৰিছিল । ফলত সময়ত আমি দুয়ো দুয়োকে অলপ কাষত বিচৰা হ'লো ।
এদিন মই ভালপোৱাৰ প্ৰস্তাৱ আগবঢ়ালো । তায়ো যেন সেই প্ৰস্তাৱলৈয়ে বাট চাই আছিল । চলি গ'ল আমাৰ প্ৰেম । পঢ়া শুনাৰ মাজেৰে চিঠিৰ আদান প্ৰদান চলি থাকিল । আজি যদি মই দিওঁ চিঠি, পিচৰদিনা তাই দিয়ে । এইক্ষেত্ৰত পিয়ন হিচাপে সহায় কৰিছিল মোৰ বন্ধু এজনৰ ভণীয়েকে ।
এনেদৰেই আমাৰ প্ৰেম দুবছৰ চলিল । নিভাজ, সত্য প্ৰেম ।
কিন্তু ...... ?
''সঁচা ভালপোৱা হয়তো ভগৱানৰো সহ্য নহয়''
তেতিয়া তাই নৱম শ্ৰেণী আৰু মই দশম শ্ৰেণীত আছিলোঁ । তাই দিয়া প্ৰতিখন চিঠি মই সজতনে ৰাখিছিলো কিন্তু ,এদিন দেখিলো চিঠিবোৰ মই ৰখা নিৰ্দিষ্ট ঠাইখিনিত নাই । মই পাগল হৈ পৰিছিলো চিঠিবোৰ বিচাৰি । চিঠিবোৰৰ মাজতেই আমাৰ ভালপোৱাবোৰ সোমাই আছিল । দুদিন তিনিদিন ভাত নোখোৱাকৈ আছিলোঁ, যেন দেহৰপৰা কিবা এটা অংগ হেৰাই গ'ল । সেই বিষয়ে মই টিনাক কৈছিলোঁ । তেতিয়া তাই মোক সকাহ দিছিল যে ''চিঠিবোৰহে হেৰাইছে, মইতো তোমাৰ পৰা হেৰাই যোৱা নাই । মই সদাই তোমাৰ কাষতেই থাকিম ।''
তাইৰ এনেধৰণৰ কথাৰপৰা আমাৰ প্ৰেম দিনক দিনে আগুৱাই গৈছিল, ফলত মই তাইৰ ঘৰৰ প্ৰতিটো কথাই খবৰ ৰাখো আৰু তায়ো আমাৰ ঘৰ প্ৰতিটো কথাই খবৰ ৰখা হ'ল । দাঁতত ভাত এটা লাগিলেও আমি চিঠিত কোৱা হ'লো, মনৰ কথা খোলা খুলিকৈ কোৱা হ'লো(মাত্ৰ চিঠিৰ দ্বাৰা) ।
এদিন চিঠিবোৰ মা এ পালে । ফলত দুয়োঘৰৰ মাজত অলপ কাজিয়াৰ সৃষ্টি হ'ল । কাজিয়াৰ ফলত আমাৰ মাতবোল চিৰদিনৰ বাবে বন্ধ হ'ল । টিনা ও বেলেগ স্কুললৈ গুচি গল,সেইদিনাৰপৰা কাৰোকো কোনেও দেখা নোপোৱা হ'লো, আজিলৈকে তাইক দেখা নাই ।
(''হে' মোৰ প্ৰথম ভালপোৱা.... হে' মোৰ মৰমৰ প্ৰিয়া, তুমি য'তেই থাকা সুখেৰে থাকা.... তোমাক বহুত বহুত বহুত মিচ কৰিছোঁ.... আই ল'ভ ইউ )
👉H.B
No comments:
Post a Comment