তুমি যোৱাৰ সময়
তুমি যোৱাৰ সময়
আবেলি গান এটি ভাহি আহিছিল*
![]() |
HT POEM and STORY |
বতাহতো আবিৰ সানিছে
কৰবাৰ পৰা বৈ আহিছে
এটি মিঠা সুহুৰি
আবেলিৰ নিজানতা ভাঙি....
আজি জানা আকাশ খনেও কৈছে...!
দিছে মোক শৰতৰ বতৰা
কহুৱা ফুলাৰ প্ৰেমৰ বতৰা
জানানে নাও খন যেতিয়া গৈ আছিল
নদীৰ কোলাক সাবতি থকা
সেই ৰঙা ৰান্ধনি বেলিটোৰ ওচৰলৈ
বহুত মনত পৰিছিল জানা তোমালৈ..........(?)
ভাঁহি আহিছিল আজি
অতীত বুলি স্পষ্ট হোৱা মৰমৰ দিনবোৰ
বেলিটোৰ সেই ৰঙা খিনিৰ দৰে..!
সচাঁকে অতীত হৈ ৰ'ল নেকি বাৰু
সেই প্ৰেমৰ সাধু বোৰ
নদীখন আজিও কিন্তু একেদৰেই বৈ আছে
মাথোঁ তুমিহে নাই..
তোমাৰ বাৰু মনত আছেনে ?
এনেকুৱাই এটা শৰতৰ আবেলিত
প্ৰতিশ্ৰুতি আছিল প্ৰেমৰ
বিয়পি পৰিছিল শেৱালিৰ সুৱাস
কিন্তু সন্ধিয়া সুগন্ধি বিলোৱা শেৱালীবোৰ
যেনেকৈ ৰাতিপুৱা তলসৰি পৰি ৰয়
চোৱা আজি মই তাৰেই মাজত
মাথোঁ মোৰ নাই প্ৰয়োজন.....।
মই আজিও মলিন
তোমাৰ চকুত জীৱনৰ গ্লানিত...
প্ৰেমাস্পদৰ উন্মাদনা ভৰা আবেলিটো
মোৰ বাবে আজিও তেনেই
মাথো তুমিহে নাই কাষত....
উজাগৰী নিশা কেতিয়াবা ভাবো
ঋতুৰ লগতে নিজকে সলনি কৰি পেলাও
কিন্তু বৰ কষ্টকৰ জানানে
প্ৰেমৰ শেলেৰে থকাসৰকা কৰা
হৃদয়ৰ ঘা মচি তাত সেন্দুৰ সানিব.....।
আজিও লিখি আছো মই
কিন্তু তুমিহে নাইছোন....
ৰাতি বহুত হল...
তুমি চাগে এতিয়া সুখৰ শেতেলিত
নিদ্ৰা দেৱীৰ কোলাত
আৰু মই আজিও
ইয়াত তুমি এৰি যোৱা ঠাইত তোমাৰ অপেক্ষাত...
এটি জীয়া পুতলা হৈ তোমাৰ...
No comments:
Post a Comment