অসমীয়া কবিতা
![]() |
HT POEM and STORY |
এটি কবিতা তোমাৰ বাবে
অথচ দুখৰ নহয় !
বিষাদ যে মোৰ
এতিয়া প্রিয় নহয় ।।
আৱেগিক নহঁও মই
প্রতাৰণাৰ পিছতো,
এতিয়া ভীষণ আত্মঅভিমানী এই হৃদয় !!
দুখ আৰু সুখৰো পার্থক্য নাই
মৰি মৰি জীয়াই থকাৰ কৌশল যে
তুমিয়েই শিকালা ।।
নিতৌ সুখ, নিতৌ দুখ,
হাঁহি আৰু কান্দোন
এয়া যেন মোৰ প্রলাপ !
তথাপিও ভালপাঁও
ভালপোৱাৰ বাবেই ।।
প্রতাৰণাকো সজাঁও কবিতাৰ ভাষাৰে
অথচ দুখেৰে নহয়,
তোমাৰ আৰু মোৰ নামেৰে ।।
সেয়েহে আকৌ প্রেমত পৰিম,
কিন্তু নিশ্চিত নহ'ব !
এতিয়া মই ভীষণ আত্মঅভিমানী
দুখৰ মূল্যাংকণেৰে !!
তোমাৰ দৰে হাজাৰজনেও নোৱাৰে
হৃদয় গ'লাব,
সুখ আৰু দুখ নথকাৰ বাবে ।
সুখী মই বিচৰাৰ বাবেই,
সেয়েহে দুখৰ কবিতা নিলিখো
তোমাৰ নামেৰে ।।
No comments:
Post a Comment