অনুভূতি
![]() |
HT POEM and STORY |
তুমি কি বুজিবা ?
প্ৰেম, হতাশা , ভালপোৱাৰ
কৰুণ কাহিনী ।
তেজৰ বুৰঞ্জী নিলিখো মানে
শান্তি নোপোৱা কিছুমান
নিৰৰ্থক অনুভূতি ।
হেপাহৰ সেউজ বৰণীয়া
পোছাকৰ গভীৰ মহত্ব,
শুকুলা বৰণৰ আশাৰ
এপাচি হাবিয়াস ,
সূৰ্যৰ প্ৰখৰ তাপৰ
ৰঙা বৰণৰ হাঁহি ,
ভালপোৱাৰ এনাজৰী ৰচিব খোজা
সপোনৰ সহাৰি।
মাথো গচকি পেলাইছা
এহালিছা মাটিৰ বোকাতলীৰ দৰে ,
মোৰ হৃদয়ৰ সৰু সৰু
অনুভূতিবোৰ।
বিষাদৰ বেকাঁ চাৱনি মাৰি
সবিশেষ কাঢ়ি নিছা তুমি
নিয়ৰ দৰে ।
মোহাৰি নিছা গোপনে ,
গভীৰ বুকুত সাচি থোৱা
জীপাল আশাবোৰ ।
তুমি কি বুজিবা ?
কি দৰে আছো ৰৈ মই ,
তোমাৰ দুহাতৰ পৰশ পাবলৈ
আশাৰ কাৰেং সাজি ,
এটি ধুলিৱৰি বাটত আগ্ৰহেৰে
আৰু বহু হেপাহেৰে ।।
No comments:
Post a Comment