![]() |
H.T POEM AND STORY |
কবিতা বোৰ বৰ জটিল হৈ পৰিছে জানা
কিযে যন্ত্রনা তুমি বিহিন কবিতা।
কিমান আৰু নতুন নতুন ভাষা ৰছো
তুমি দিয়া বিষাদৰ কবিতাত।
এতিয়া আৱশ্যে এৰিছোঁ জানা
কিছু বিৰহৰ কবিতা লিখিবলৈ।
আৰু পাহৰিব ধৰিছো জানা
তোমাৰ সঁতে পাৰ কৰা নিৱিৰ সময়ৰ কথা।
তুমি হয়টো কেতিয়াবাই পাহৰিলা ছাগে
আমাৰ দুয়োৰ সপোনৰ কথা।
তুমিয়ে ভাল জানা
সহঁজতে পাহৰিব পাৰা কথাবোৰ।
মই কিজানি তোমাৰ দৰে হব পৰা নাছিলো জানা
এই বাবে লিখো কবিতা সুখ, দুখ আৰু যন্ত্রনাৰ।
আৱশ্য সুখৰ কবিতা মোৰ কমেই দেখা যায়
কাৰণ সুখৰ সময়তে তুমি দি গ'লা
এক বিষাদৰ বোজাঁ
যত আজিওঁ সি মোৰ কবিতাৰ এক ৰূপ।
অবশ্য তাত তোমাৰ দোষ নছিল
আছিল মাথো মোৰ এক ভুল ধাৰণা।
ভাবিছিলো তুমি কিজানি মোৰ আন্ধাৰ কোঠালী একাজলী পোহৰেৰে পোহৰাবা।
জনা নাছিলো তুমি যে এক
মৰুময়ৰ মাজত থকা মৰিচিঁকা।
এতিয়া পিছে বুজিলো
তোমাক লৈ যে মোৰ পোহৰ নহয়।
তথাপি আজিওঁ তুমি মোৰ এক কবিতাৰ অংশ
এটিয়া লিখো মই বিষাদ, বিৰহৰ, চকুলোৰ কবিতা।
No comments:
Post a Comment