![]() |
H.T POEM AND STORY |
ঐ মোৰ মৰমৰ মইনা জনী
সপোন দেখিব শিকিছো তোমাক লৈ,
পাহৰিব লৈছো অশ্লীন ভাষা,
লিখিবলৈ লৈছো প্ৰেমৰ কবিতা,
মাথো বিচাৰিছো তোমাক
কেৱল তোমাক,
ভাল পায় চাবা নেকি তুমি ?
মোৰ হৃদয়ৰ মইনা জনী,
মাত্ৰ এবাৰৰ বাবে,
মন যোৱা নাই চাগে ন !
মোৰ দৰে ভিকহু এটাক ভাল পাবলৈ !
আৰু নো কিমান কষ্ট কৰিম ?
কিমান আৱেগিক হব শিকিম ?
তথাপিও কিন্তু মই ভাগৰা নাই ।
ভাবিব লৈছা নেকি তুমি.....
জানোচা সুখত ৰাখিব নোৱাৰো তোমাক
সচা! মৰমৰ বাহিৰে তোমাক দিবলৈ বৰ্তমান
একোই নাই....
ঐ মোৰ মৰমৰ মইনা জনী.......
আহিবানে?মোৰ এই
অকলশৰীয়া জীৱনলৈ...
হিয়াখন বহু দিনৰ পৰাই সাচি ৰাখিচো
তোমালৈ বুলি।
আহিবানে বাৰু?.......
👉{H.T}
No comments:
Post a Comment